ব্ৰহ্মপুত্ৰত সংঘটিত ভয়ংকৰ নাও দুৰ্ঘটনাত প্ৰাণ বচাবলৈ আপ্ৰাণ চেষ্টা কৰা এ...

 



দিনটোৰ বিশেষ ভিডিঅ'...



আজি ব্ৰহ্মপুত্ৰত সংঘটিত ভয়ংকৰ নাও দুৰ্ঘটনাত প্ৰাণ বচাবলৈ আপ্ৰাণ চেষ্টা কৰা এগৰাকী যুৱতী ৷

অৱশেষত এন ডি আৰ এফৰ উদ্ধাৰকাৰী দলে যুৱতীগৰাকীক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে উত্তৰ গুৱাহাটীত দুৰ্ঘটনাগ্ৰস্ত নাৱৰ সন্ধানত নিশাও অব্যাহত আছে এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ উদ্ধাৰকাৰী দলৰ অভিযান ।

কিন্তু এই পৰ্যন্ত দুৰ্ঘটনাগ্ৰস্ত নাওখনত কিমান যাত্ৰী আছিল সেই সম্পৰ্কে প্ৰশাসন নিশ্চিত হ'ব পৰা নাই।

আজি দুপৰীয়া প্ৰায় ১.৩০ বজাত দুৰ্ঘটনাত পতিত হৈছিল প্ৰায় ৪০গৰাকী যাত্ৰী কঢ়িয়াই নিয়া নাওখন ।







মোৰ লক্ষ্য, মই কঢ়িয়াবলৈ চেষ্টা কৰিম - প্ৰতি পল,প্ৰতি ক্ষণত ভাল খবৰৰ সুবাস বিলাবলৈ...
সত্যৰ সন্ধানত,আপোনাৰ কাষত...
www.asomkhobor.com
www.dainandinbartagroup.in
www.newsASN.com

Comments