ajycp convention#অসম_জাতীয়তাবাদী_যুৱ_ছাত্ৰ_পৰিষদৰ কেন্দ্ৰীয় মধ্যকালীন অ...

#অসম_জাতীয়তাবাদী_যুৱ_ছাত্ৰ_পৰিষদৰ কেন্দ্ৰীয় মধ্যকালীন অধিবেশন : #ৰাণা-প্ৰতাপ_বৰুৱা পৰৱৰ্তী সভাপতি



#অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মধ্যকালীন অধিবেশনখন ডিব্ৰুগড় জিলা সমিতিৰ আমন্ত্ৰণমৰ্মে ডিব্ৰুগড় জিলা পুথিভঁৰালত ১৫ মাৰ্চ তাৰিখৰ পৰা অনুষ্ঠিত হৈছে। তদুপলক্ষে ১৫ মাৰ্চ তাৰিখে সন্ধিয়া প্ৰতিনিধি শিবিৰ উদ্বোধন কৰে জ্যেষ্ঠ সাংবাদিক ইকবাল আহমেদে। আজি পুৱা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি হেমেন চক্ৰৱৰ্তীয়ে পতাকা উত্তোলন কৰাৰ পিছত সাধাৰণ সম্পাদক পলাশ চাংমায়ে ছহিদ তৰ্পণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। আনহাতে, ডিব্ৰুগড় জিলা পুথিভঁৰালত অনুষ্ঠিত প্ৰতিনিধি সভাত যুৱ-ছাত্র পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা সভাপতিৰূপে নিৰ্বাচিত হয়। আনহাতে, বিয়লি স্মৃতিগ্ৰন্থ উন্মোচন কৰে ডিব্ৰুগড়ৰ বিশিষ্ট চিকিৎসক ডাঃ নিৰ্মল কুমাৰ চাহেৱালাই। 

মোৰ লক্ষ্য, মই কঢ়িয়াবলৈ চেষ্টা কৰিম - প্ৰতি পল,প্ৰতি ক্ষণত ভাল খবৰৰ সুবাস বিলাবলৈ...
সত্যৰ সন্ধানত,আপোনাৰ কাষত...
www.asomkhobor.com
www.dainandinbartagroup.in
www.newsASN.com

Comments