hajo voirotula river two child missing rescue#হাজোৰ_ভৈৰতোলা_নৈত নিখোঁজ ২...

#হাজোৰ_ভৈৰতোলা_নৈত নিখোঁজ ২ শিশুৰ মৃতদেহ উদ্ধাৰ



#হাজোৰ_ভৈৰতোলা_নৈত নিখোঁজ ২ শিশুৰ মৃতদেহ উদ্ধাৰ

#হাজোৰ পৰা #কমলাকান্ত_দাস

#হাজোৰ আধিযাৰপাৰা ভৈৰাতোলা নৈত দুটা শিশু নিখোঁজ। দুপৰীয়া গা ধুবলৈ গৈ নৈত নিখোঁজ হয় শিশু দুটা। শিশু দুটাৰ নাম জানিউৰ ৰহমান (১২) আৰু পম্পী বেগম (১৪)। একে মাকৰ দুয়োটি সন্তান। স্হানীয় ৰাইজে উদ্ধাৰ উভিযান চলাই জানিউৰ ৰহমানক উদ্ধাৰ কৰে। তাৰপিছত হাজো অগ্নিনিৰ্বাপক বাহিনী আৰু স্হানীয ৰাইজে পম্পী বেগমক উদ্ধাৰ কৰে। দুযোজনকে হাজো চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে দুই শিশুক মৃত বুলি ঘোষণা কৰে। দুয়োটা শিশু বৰ্নি হাইস্কুলৰ শিক্ষাৰ্থী আছিল। জানিউৰ ৰহমান ষষ্ঠ শ্ৰেণী আৰু পম্পী বেগমে অষ্টম শ্ৰেণীত অধ্যয়ন কৰি আছিল। দুই শিশুৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰে। উল্লেখ্য যে উদ্ধাৰ হোবা শিশু দুটাক চিকিৎসালয়লৈ নিবলৈ এম্বুলেন্স সেৱা নপোৱাৰ অভিযোগ স্হানীয় ৰাইজৰ।





















মোৰ লক্ষ্য, মই কঢ়িয়াবলৈ চেষ্টা কৰিম - প্ৰতি পল,প্ৰতি ক্ষণত ভাল খবৰৰ সুবাস বিলাবলৈ...
সত্যৰ সন্ধানত,আপোনাৰ কাষত...
www.asomkhobor.com
www.dainandinbartagroup.in
www.newsASN.com

Comments