আবিৰৰ ৰঙত ৰাঙলী হবলৈ সাজু ৰাজ্যবাসী ।
কাৰণ কাইলৈ ৰঙৰ উৎসৱ ফাকুৱা।
ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীও।
মহানগৰীৰ দোকান সমূহত ভৰি পৰিছে বিভিন্ন ৰঙী ফাকু, ফিচকাৰী।
প্ৰতিটো ফিচকাৰীৰ মূল্য ৫০ টকাৰ পৰা১০০০ টকা পৰ্যন্তলৈ।
এইবাৰ বজাৰত চাহিদা বৃদ্ধি পাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টি চাৰ্ট আৰু নৰেন্দ্ৰ মোদী মুখাই।
কি ফাঁচী বজাৰ কি শিলপুখুৰী সকলো বিপনিতে এতিয়া কেৱল আবিৰৰ মেলা। কিন্তু বিক্রেতা সকলৰ মতে লোকসভা নিৰ্বাচনে প্ৰভাৱ পেলাইছে এইবাৰ হোলীৰ বজাৰত। আগৰ তুলনাত এইবাৰ কমিছে গ্ৰাহকৰ সংখ্যা।
কিন্তু তথাপিও মন চঞ্চল কৰা আবিৰৰ ৰঙত কাইলৈ ৰঙিল হ'ব সমগ্ৰ ৰাজ্য।
মোৰ লক্ষ্য, মই কঢ়িয়াবলৈ চেষ্টা কৰিম - প্ৰতি পল,প্ৰতি ক্ষণত ভাল খবৰৰ সুবাস বিলাবলৈ...
সত্যৰ সন্ধানত,আপোনাৰ কাষত...
www.asomkhobor.com
www.dainandinbartagroup.in
www.newsASN.com
Comments
Post a Comment