numaligarh oil thieving person arrested

#গোলাঘাটৰ_নুমলীগড়ত_উৎখাত_তেলচুৰি#চক্ৰ : আটক ট্ৰেংকাৰসহ চালক



#নুমলীগড়ৰ বিশেষ প্ৰতিবেদক

#নুমলীগড়ৰ দৈগ্ৰোং পাতকটীয়াত জ্যোতি গগৈৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই উৎখাত কৰে এটা অবৈধ চোৰাং তেলৰ ঘাটি। নুমলীগড়ৰ ৩৯নং ৰাষ্ট্রীয় ঘাইপথৰ দৈগ্ৰোং পাতকটীয়া অঞ্চলত আৰক্ষীয়ে অভিযান চলাই জ্যোতি গগৈ নামৰ এজন লোকৰ ঘৰত বৃহৎ পৰিমাণৰ চোৰাং তেলৰ লগতে ইলেকট্ৰ'নিক মটৰ, পাইপ জব্দ কৰে। লগতে ট্ৰেংকাৰসহ চালকক আটক কৰে যদিও আন্ধাৰৰ সুযোগ লৈ জ্যোতি গগৈয়ে পলায়ন কৰে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও স্থানীয় ৰাইজৰ অভিযোগ, নুমলীগড় শোধনাগাৰক কেন্দ্ৰ কৰি একাংশ লোকে দীৰ্ঘদিনৰ পৰাই গোলাঘাট আৰক্ষী আৰু নুমলীগড় আৰক্ষীৰ পৃষ্ঠপোষকতাত এনেদৰে চলাই আহিছে অবৈধ চোৰাং তেলৰ ৰমৰমীয়া বেহা। ইফালে নুমলীগড়ৰ তেলগৰম, বাইপাছ আদি অঞ্চলত এতিয়াও চলি আছে চোৰাং তেলৰ বেহা। নুমলীগড় শোধনাগাৰলৈ অহা একাংশ টেংকাৰে দৈনিক হাজাৰ হাজাৰ তেল আৰু ক্ৰুড অইল বিক্ৰী কৰি আহিছে। ইফালে কিছু কিছু লোকে আৰক্ষীক মেনেজ কৰি টেংকাৰ হিচাপত তেল চুৰি কৰি আহিছে বুলি অভিযোগ কৰিছে স্থানীয় লোকসকলে। এতিয়া কথাটো হ'ল, গোলাঘাট আৰু নুমলীগড় আৰক্ষীয়ে কিদৰে ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব।





 মোৰ লক্ষ্য, মই কঢ়িয়াবলৈ চেষ্টা কৰিম - প্ৰতি পল,প্ৰতি ক্ষণত ভাল খবৰৰ সুবাস বিলাবলৈ...
সত্যৰ সন্ধানত,আপোনাৰ কাষত...
www.asomkhobor.com
www.dainandinbartagroup.in
www.newsASN.com

Comments