#soygaon luka utsav assam #দক্ষিণ_কামৰূপৰ_ছয়গাঁৱত_আয়োজন_ছয়গঞা_লোক_উৎসৱ



#দক্ষিণ_কামৰূপৰ_ছয়গাঁৱত_আয়োজন_ছয়গঞা_লোক_উৎসৱ



#দক্ষিণ কামৰূপৰ পৰা #নিহাৰিকা_তালুকদাৰ



*বিভিন্ন জাতি-জনগোষ্ঠীৰ সমাহাৰেৰে পৰিবেষ্টিত দক্ষিণ কামৰূপৰ ছয়গাঁও৷ বিগত চাৰি বছৰ ধৰি ছয়গাঁৱত উদ্‌যাপিত হৈ আহিছে অঞ্চলটোৰ বৰ্ণিল লোককৃষ্টিসমূহৰ সমাহাৰেৰে ছয়গঞা লোক উৎসৱ৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত আৰু ছয়গাঁও অঞ্চলবাসীৰ উদ্যোগত ছয়গাঁও শ্ৰীমন্ত শংকৰদেৱ কলা-কৃষ্টি বিকাশ কেন্দ্ৰত পঞ্চমাবাৰৰ বাবে এইবাৰো উদ্‌যাপন কৰা হয় ছয়গঞা লোক উৎসৱ৷ কালৰ সোঁতত হেৰাই যাব ধৰা লোক-সংস্কৃতিক নৱ-প্ৰজন্মৰ মাজলৈ উলিয়াই অনাটোৱেই হ'ল ছয়গঞা লোক উৎসৱ আয়োজনৰ উদ্দেশ্য। এই উৎসৱৰ লগত সংগতি ৰাখি পৰম্পৰাগত লোক-সংস্কৃতিৰ প্রায়বোৰ উপাদানেৰে সাংস্কৃতিক শোভাযাত্ৰাও উলিওৱা হয়। শোভাযাত্ৰা মুকলি কৰে কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যই। দুদিনীয়াকৈ অনুষ্ঠিত এই উৎসৱত বিভিন্ন প্ৰদৰ্শনীৰ লগতে লোককৃষ্টি, সংস্কৃতি প্ৰদৰ্শনৰ লগতে লোক উৎসৱৰ পুস্তিকা উন্মোচন কৰা হ'ব।





মোৰ লক্ষ্য, মই কঢ়িয়াবলৈ চেষ্টা কৰিম - প্ৰতি পল,প্ৰতি ক্ষণত ভাল খবৰৰ সুবাস বিলাবলৈ...
সত্যৰ সন্ধানত,আপোনাৰ কাষত...
www.asomkhobor.com
www.dainandinbartagroup.in
www.newsASN.com

Comments