ফেচবুকৰ জৰিয়তে অসমীয়াবিৰোধী প্ৰচাৰ

https://m.facebook.com/story.php?story_fbid=2162013990479784&id=100000136124267

গুৱাহাটীঃ পশ্চিমবঙ্গৰ এচাম লোকে অসম আৰু অসমীয়াক আক্ৰমণ কৰিবলৈ শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াক ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে৷ এবিপি নিউজৰ ফেচবুক পেজত এজন লোকে দাবী উত্থাপন কৰিলে যে অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব লাগে৷ পশ্চিমবঙ্গৰ জনৈক চন্দন চেট্টাৰ্জীয়ে ৮ জুলাই দেওবাৰে দিনৰ ১ বজাত দিয়া এটা পোষ্টত এনেদৰে লিখিছে- ‘অসমত গণতন্ত্ৰ বিপন্ন হৈছে-বঙালীসকলৰ আন্দোলনৰ গণতান্ত্ৰিক অধিকাৰ কাঢ়ি নিয়া হৈছে৷ ইমানতে ক্ষান্ত নাথাকি চন্দন চেট্টাৰ্জীয়ে অসমত বাস কৰা প্ৰতিজন বঙালীক অসমীয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ আহ্বান জনাইছে। চেটাৰ্জীৰ অভিযোগ- অসমত বঙালীসকলক অসমীয়ালৈ কনভাৰ্ট হ’বলৈ ধমকি দি আহিছে উগ্ৰ অসমীয়া জাতীয়তাবাদী সংগঠনে৷ ফেচবুক লাইভত চেটাৰ্জীয়ে কৈছে, ‘অসমত বিজেপি শাসন থাকিলেও হিন্দুত্বৰ কোনো দাম নাই, কিয়নো অসমৰ বিজেপিৰ নেতাসকলৰ শিপা হৈছে সদৌ অসম ছাত্ৰ সন্থা৷ আছুৰ পৰা অহা বিজেপি নেতাৰ ওচৰত জয় শ্ৰীৰাম ধ্বনিৰ কি মূল্য থাকিব৷ তেওঁলোকে কেৱল বঙালীসকলক অত্যাচাৰ চলাব জানে৷’ ১৯৪৭ চনৰ ১৪ আগষ্টৰ পাছত পাকিস্তান তথা পূব পাকিস্তানৰ পৰা যিমান মুছলমান আহিছে, সেই সকলোকে দেশৰ পৰা বাহিৰ কৰি দিয়া উচিত বুলি মন্তব্য প্ৰকাশ কৰি কয়- বাংলাদেশৰ পৰা ভাৰতলৈ অহা ২০ লাখ হিন্দুক ভাৰতৰ যিকোনো ৰাজ্যতে নাগৰিকত্ব দিবই লাগিব৷ ভাৰত চৰকাৰে অসমত বঙালীসকলক উগ্ৰ অসমীয়াসকলৰ আক্ৰমণৰ পৰা সুৰক্ষা দিয়াত ব্যৰ্থ হ’লে উচ্চতম ন্যায়ালয় আৰু প্ৰয়োজন হ’লে নিউয়ৰ্ক, জেনেভা, লণ্ডন, মস্কো, ৰাষ্ট্ৰসংঘ সকলোতে বঙালীসকলৰ অধিকাৰৰ হকে আন্দোলন অব্যাহত ৰখাৰ লগতে আন্তঃৰাষ্ট্ৰীয় আদালতত উত্থাপন কৰিব এনেধৰণৰ প্ৰৰোচনামূলক মন্তব্যই সমাজখনক ক্ষতি কৰাৰ সম্ভাৱনাই বেছি৷ চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি সচেতন মহলে দাবী কৰে৷



Comments