বহু ইঞ্জিনীয়াৰিং কলেজ বন্ধ হৈছে ভাৰতত


বহু ইঞ্জিনীয়াৰিং কলেজ বন্ধ হৈছে ভাৰতত



নিউজ ডেস্ক : মোডী চৰকাৰে গ্ৰহণ কৰা নীতিসমূহে সমগ্ৰ দেশৰ শিল্পায়নৰ ক্ষেত্ৰখনলৈ অশনি সংকেত কঢ়িয়াই আনিছে৷ বৃহৎ উদ্যোগ গঢ়ি উঠাত হেঙাৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰে পৰিৱৰ্তনৰ নামত প্ৰৱৰ্তন কৰা নতুন নতুন নীতিসমূহ৷ ইতিমধ্যেই দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া ঔদ্যোগিক ক্ষেত্ৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে৷ ফলত ভয়ংকৰ ভৱিষ্যতলৈ গতি কৰিলে অভিযান্ত্ৰিক শিক্ষাৰে শিক্ষিতসকল প্ৰতিবছৰে ভাৰতত ৬০ শতাংশ অভিযন্তা সংস্থাপনৰ পৰৰা বঞ্চিত হৈ থাকিবলগা হৈছে৷ নতুন নতুন শিল্পায়ন হৈ নুঠাত আৰু ইতিমধ্যে থকা উদ্যোগসমূহৰ অৱস্থাও ক্ৰমাৎ বেয়া হৈ অহাত দেশত ইঞ্জিনীয়াৰিং কলেজৰ সংখ্যা হ্ৰাস হ’বলৈ ধৰিছে৷ ২০১৩ বৰ্ষৰ পৰা দেশত অভিযান্ত্ৰিক স্নাতকসকলৰ বাবে সংকটজনক অৱস্থাৰ সৃষ্টি হৈছে৷ কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰণালয়ৰ তথ্য মতে, ভাৰতত ৬,২১৪খন অভিযান্ত্ৰিক মহাবিদ্যালয় আছে৷ শিক্ষাৰ্থীৰ সংখ্যা ২.৯ নিযুত৷ প্ৰতিবছৰে সংস্থাপনৰ বাবে সাজু হৈ ওলাই আহে ১.৫ নিযুত অভিযন্তা৷ সংস্থাপনৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি ৬৩৯খন মহাবিদ্যালয়ে ৬২ হাজাৰ আসন হ্ৰাস কৰিছে৷ প্ৰতি বছৰে যথেষ্টসংখ্যক অভিযান্ত্ৰিক মহাবিদ্যালয় বন্ধ হ’বলৈ ধৰিছে৷ ২০১৩-১৪ বৰ্ষত ১৬খন, ২০১৪-১৫ বৰ্ষত ১৫খন, ২০১৫-১৬ বৰ্ষত ৪০খন, ২০১৬-১৭ বৰ্ষত ৪৭খন আৰু ২০১৭-১৮ বৰ্ষত ২৮খন মহাবিদ্যালয় ইতিমধ্যে বন্ধ হৈছে৷ যোৱা ৫ বছৰত মাত্ৰ ১৮ শতাংশই প্ৰাপ্য সংস্থাপন লাভ কৰাত ইঞ্জিনীয়াৰ হোৱাৰ স্বপ্নভংগ হৈছে অগণন যুৱক-যুৱতীৰ ভাৰতৰ বিপৰীতে বিশ্বৰ অন্যান্য ৰাষ্ট্ৰত অভিযন্ত্ৰিক শিক্ষাই প্ৰসাৰতা লাভ কৰিছে৷ ইউনেস্ক’ৰ প্ৰতিবেদন মতে ৰাছিয়াত বিশ্বৰ সৰ্বাধিকসংখ্যক ইঞ্জিনীয়াৰ সৃষ্টি হয়৷ ইয়াৰ পিছতে ক্ৰমে ইৰাণ, জাপান, ইণ্ডোনেচিয়া, ইউক্ৰেইন, মেক্সিকো আৰু ফ্ৰা্ন্স৷ ভাৰতৰ ৰাজ্যসমূহৰ ক্ষেত্ৰত বৰ্তমান তামিলনাডুত ৯৩৪খন, মহাৰাষ্ট্ৰত ৭৩৯খন, উত্তৰ প্ৰদেশত ৭০০খন, অন্ধ্ৰপ্ৰদেশত ৫১২খন, হাৰিয়ানাত ৩৪২খন, মধ্যপ্ৰদেশত ৩১০খন, কৰ্ণাটকত ২১০খন ইঞ্জিনীয়াৰিং কলেজ আছে৷ মোডী চৰকাৰে শিল্পায়নৰ বিকাশৰ ক্ষেত্ৰত আৰু ইঞ্জিনীয়াৰিং স্নাতকসকলৰ সংস্থাপনৰ পথ মুকলি নকৰিলে মানৱ সম্পদ বিকাশৰ এই ক্ষেত্ৰখন অধিক সংকুচিত হোৱাৰ আশংকাই দেখা দিছে৷


courtesy@ http://www.newsasn.com/raasataraiya/bahau-inajainaiyaaraim-kalaeja-banadha-haaichae-bhaaratata


Comments