কেজৰিৱাল চৰকাৰৰ পক্ষে ৰায় সৰ্বোচ্চ ন্যায়ালয়ৰ


কেজৰিৱাল চৰকাৰৰ পক্ষে ৰায় সৰ্বোচ্চ ন্যায়ালয়ৰ

 

অৱশেষত জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত চৰকাৰৰেই জয় হ’ল৷ দিল্লীৰ উপ-ৰাজ্যপালৰ সৈতে বিৰোধৰ পৰিপ্ৰেক্ষিতত সৰ্বোচ্চ ন্যায়ালয়ে অৰবিন্দ কেজৰিৱালৰ সপক্ষেই ৰায় দিলে৷ বুধবাৰে সৰ্বোচ্চ ন্যায়ালয়ৰ ৫ সদস্যৰ এক বিচাৰপীঠে অতি স্পষ্টভাৱে এই ৰায়ত কয় যে দিল্লীৰ উপ-ৰাজ্যপালে নিৰ্বাচিত চৰকাৰখনৰ কামকাজত কোনো প্ৰকাৰেই বাধা দিব নোৱাৰিব৷ উপ-ৰাজ্যপালে নিৰ্বাচিত চৰকাৰখনৰ লগত সমন্বয় ৰক্ষা কৰি কাম কৰিব লাগিব৷ এইক্ষেত্ৰত সংসদৰ আইনেই সৰ্বোচ্চ বুলিও উপ-ৰাজ্যপালক সকীয়াই দিয়ে মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ নেতৃত্বাধীন ৫জনীয়া বিচাৰপীঠে৷
উল্লেখ্য যে নিৰ্বাচিত অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দিল্লীৰ চৰকাৰখনে যি সিদ্ধান্তই গ্ৰহণ কৰিছিল প্ৰতিটোতে উপ-ৰাজ্যপালে বাধা প্ৰদান কৰাৰ ফলত কাৰ্যকৰী কৰিব পৰা নাছিল৷ প্ৰতিটো ক্ষেত্ৰত, প্ৰতিটো বিষয়ত উপ-ৰাজ্যপালে কেজৰিৱাল চৰকাৰৰ কামকাজত বাধা প্ৰদান কৰি পৰিস্থিতি এনেদৰে জটিল কৰি তুলিছিল যে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত এই চৰকাৰখনে হাত সাৱটি বহি থকাৰ বাহিৰে আন কোনো উপায় বিচাৰি পোৱা নাছিল৷ উপ-ৰাজ্যপালৰ সৈতে ইয়াকে লৈ আৰম্ভ হোৱা বিৰোধ এনেকুৱা পৰ্যায় পায়গৈ যে কেজৰিৱাল চৰকাৰ ন্যায়ালৰ দ্বাৰস্থ হ’বলৈ বাধ্য হয়৷ পৰোক্ষভাৱে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰৰ শ্ৰুতলিপি অনুসৰিয়েই উপ-ৰাজ্যপালে কেজৰিৱাল চৰকাৰৰ প্ৰতিটো কামত বাধা দি অহা বুলি মুখ্য মন্ত্ৰী কেজৰিৱাল আৰু উপ-মুখ্য মন্ত্ৰী মনীষ ছিছোদিয়াই ইতিপূৰ্বে বাৰে বাৰে অভিযোগ কৰিছিল৷ উপ-ৰাজ্যপালৰ এনে কাৰ্যত অতীষ্ঠ হৈ কেজৰিৱাল চৰকাৰে প্ৰথমে দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ তৰে৷ কিন্তু উচ্চ ন্যায়ালয়ে উপ-ৰাজ্যপালৰ পক্ষেই ৰায় দিয়াত কেজৰিৱাল চৰকােৰ সৰ্বোচ্চ ন্যায়ালয়ত গোচৰ তৰে৷ উক্ত গোচৰৰ শুনানি গ্ৰহণ কৰিয়েই বুধবাৰে সৰ্বোচ্চ ন্যায়ালয়ে কেজৰিৱাল চৰকাৰৰ সপক্ষে এই ঐতিহাসিক ৰায় ঘোষণা কৰে৷ ৫জনীয়া বিচাৰপীঠে ৰায়ত কয়, একমাত্ৰ আৰক্ষী, আইন-শৃঙ্খলা আৰু ভূমি- এই তিনিটা ক্ষেত্ৰ উপ-ৰাজ্যপালৰ অধীনত থাকিব৷ ইয়াৰ বাহিৰে নিৰ্বাচিত চৰকাৰৰ উন্নয়নমূলক কামকাজ তথা নীতি ৰূপায়ণত উপ-ৰাজ্যপালে কোনো প্ৰকাৰেই বাধা দিব নোৱাৰিব৷ সৰ্বোচ্চ ন্যায়ালয়ে বুধবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ ৰায়ক পোনো পোনে খাৰিজ কৰি দিয়ে৷ সৰ্বোচ্চ ন্যায়ালয়ে লগতে কয়, দিল্লীক সুকীয়া ৰাজ্যৰ মৰ্যাদা দিয়াটো সম্ভৱ নহয়৷ কিন্তু উপ-ৰাজ্যপালে সংবিধানৰ মূল নীতি মানি চলিব লাগিব৷ তেওঁ কেবিনেটৰ সাহায্য আৰু পৰামৰ্শ অনুসৰিয়েই কাম কৰিব লাগিব৷ এই কথা সংবিধানতে উল্লেখ কৰা হৈছে বুলি উনুকিয়াই দি সৰ্বোচ্চ ন্যায়ালয়ে উপ-ৰাজ্যপালক উদ্দেশ্যি কয় যে সংবিধানৰ ২৩৯-ক ধাৰা অনুসৰি উপ-ৰাজ্যপালে কেবিনেটৰ পৰামৰ্শ ল’ব আৰু সেইমতে কাম কৰিব লাগিব৷ নিৰ্বাচিত চৰকাৰখনে আৰক্ষী, আইন-শৃঙ্খলা আৰু ভূমিৰ বাহিৰে বাকী সকলো বিষয়ত আইন প্ৰনয়ণ কৰিব পাৰিব আৰু উপ-ৰাজ্যপালে তাত কোনো প্ৰকাৰেই বাধা দিব নোৱাৰিব৷ অৱশ্যে চৰকাৰৰ কোনো সিদ্ধান্ত সম্পৰ্কে যদি উপ-ৰাজ্যপালৰ দ্বিমত থাকে তেনেহ’লে সেই বিষয়ৰ ফাইল তেওঁ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিব পাৰিব, কিন্তু নিজে বাধা দিব নোৱাৰিব বুলিও সৰ্বোচ্চ ন্যায়ালয়ে স্পষ্টভাৱে উনুকিয়াই দিয়ে৷ সৰ্বোচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ ফলত কেজৰিৱাল চৰকাৰ উজ্জীৱিত হোৱাৰ বিপৰীতে কেন্দ্ৰৰ মোডী চৰকােৰ লজ্জাজনকভাৱে মুখ থেকেচা খালে৷

Comments