মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে হৰ্ণবিল উদ্যান


মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে হৰ্ণবিল উদ্যান

 

মৰিগাওঁ,৮ জুলাই : "আমি যিহেতু প্ৰত্যেকে ধৰিত্ৰী মাতৃৰ সন্তান,গতিকে মাতৃৰ মৰ্যদা ৰক্ষা কৰিবলৈ প্ৰকৃতি সংৰক্ষণ কৰিবই লাগিব ।" এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। শনিবাৰে মৰিগাওঁ জিলা শিলচাঙৰ বন মহোৎসৱত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সোনোৱালে কয়- "প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ অসমৰ বিশ্বৰ বুকুত এটা সুকীয়া পৰিচয় আছে। অসমক সমৃদ্ধিশালী কৰি তুলিবই লাগিব। তেতিয়াহে বিশ্বৰ বুকুত থকা আমাৰ গৌৰব আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম।" মুখ্য বন সংৰক্ষক এন কে বাচুৱে আদৰণি ভাষণ প্ৰদান কৰা সভাখনত মুখ্যমন্ত্ৰী সোনোৱালে কয়  যে আগতে মানুহৰ বেমাৰ-আজাৰ বহু কম আছিল। যেতিয়াৰে পৰা গছ গছনি সমূহক ধ্বংস কৰা হ'ল তেতিয়াৰে পৰা আমাৰ মাজত ন ন অচিন ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিবলৈ আৰম্ভ কৰিলে। এই ক্ষেত্ৰত সকলো ৰাইজকে গছ-গছনি ৰোপনৰ জৰিয়তে অসমক বিশুদ্ধ অসম ৰুপে গঢ়ি তুলিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। অৰণ্য মানব যাদব পায়েং,মন্ত্ৰী পীযুষ
হাজৰিকা,নব দলেই ভাষণ প্ৰদান কৰা সভাখনত বিধায়ক ৰমাকান্ত দেউৰী,ডিম্বেশ্বৰ দাস,তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তা,জিলা উপায়ুক্ত হেমেন দাস,খলা দেউৰজা প্ৰবীণ মছৰং,সমাজ সেৱক দিলীপ শইকীয়া আদিয়ে অংশগ্ৰহণ কৰে। বন মহোৎসৱৰ মুকলি সভাৰ পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত হৰ্ণবিল নামৰ এখন প্ৰাকৃতিক নান্দনিক উদ্যান ৰাইজৰ বাবে মুকলি কৰি দিয়ে।


courtesy@http://www.newsasn.com/raajaya/maukhayamanataraiyae-maukalai-karailae-haranabaila-udayaana-0

Comments