নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা জে ডি(ইউ)ৰ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা জে ডি(ইউ)ৰ

 

গুৱাহাটী : প্ৰত্যাশিতভাৱেই অসম আৰু অসমীয়া জাতিৰ পক্ষত মুকলিভাৱে থিয় হ'ল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ তথা জনতা দল(ইউনাইটেড)। বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ বিৰোধিতাৰে দলটোৱে আনুষ্ঠানিক প্ৰস্তাৱ গ্ৰহণ কৰিছে । আজি নতুন দিল্লীত অনুষ্ঠিত হৈছিল জে ডি(ইউ) ৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক । এই বৈঠকতে দলটোৱে সংসদত বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে । লক্ষণীয়ভাৱে, জে ডি(ইউ) হৈছে কেন্দ্ৰত শাসনাধিষ্ঠিত এন ডি এৰ অন্যতম অংশীদাৰ দল । সদৌ অসম ছাত্ৰ সন্থা,চমুকৈ আছুৰ আহ্বানতে দলটোৱে এই গুৰুত্বপূৰ্ণ স্থিতি গ্ৰহণ কৰে । স্মৰ্তব্য যে, যোৱা ১৭ মে'ত আছুৰ শীৰ্ষ নেতৃবৰ্গ‌ই পাটনাত সাক্ষাৎ কৰিছিল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক । সংগঠনটোৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য, সভাপতি দীপাংক নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যেতি গগৈয়ে বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীৰ সন্মুখত বিধেয়কখনে অসম আৰু অসমীয়া জাতিৰ প্ৰতি কঢ়িওৱা ভাবুকিৰ বিষয়ে ব্যাখ্যা আগবঢ়ায় । সেই দিনাই নীতিশ কুমাৰে বিধেয়কখনৰ বিৰোধিতাৰ আশ্বাস দিছিল । আৰু প্ৰত্যাশিতভাৱেই আজি নীতিশ কুমাৰৰ উপস্থিতিত দলটোৱে বিধেয়কখনৰ বিৰোধিতাৰ প্ৰস্তাৱ গ্ৰহণ কৰে । বৈঠকৰ প্ৰস্তাৱসমূহ এখন সংবাদ মেলযোগে সদৰি কৰাৰ সময়ত জে ডি(ইউ)ৰ নেতাসকলে বিশেষভাৱে উনুকিয়ায় নীতিশ কুমাৰ আৰু আছুৰ মাজত হৈ যোৱা আলোচনাৰ বিষয়ে । জে ডি(ইউ) ৰ এই স্থিতিয়ে বিধেয়কখনৰ বিৰূদ্ধে সংগ্ৰাম অব্যাহত ৰখা অসমৰ দল-সংগঠনসমূহক নি:সন্দেহে উৎসাহিত কৰিব । প্ৰসংগক্ৰমে পুনৰ চৰ্চালৈ আহিছে বিধেয়কখনৰ প্ৰসংগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰ তথা বিজেপি দলৰ সন্দেহজনক স্থিতি । অসমত বিধেয়কখনৰ বিৰূদ্ধে ব্যাপক গণ প্ৰতিবাদ চলিছে । তৎস্বত্বেও বিধেয়কখনৰ বিৰোধিতা কৰিব পৰা নাই মুখ্যমন্ত্ৰী তথা অসম চৰকাৰ আৰু বিজেপি দলে । অথচ চুবুৰীয়া মেঘালয়, মণিপুৰ,মিজোৰাম আৰু অৰুণাচল চৰকাৰে ইতিমধ্যে বিধেয়কখনৰ মুকলি বিৰোধিতা কৰিছে ।

courtesy@ NEWS ASN


Comments