কলাইগাঁৱত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা


কলাইগাঁৱত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

কলাইগাঁও : ওদালগুৰি জিলা ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আৰু কলাইগাঁও আঞ্চলিকৰ সহযোগত দেওবাৰে এক অভিনন্দন অনুষ্ঠান আয়োজন কৰা হয়। কলাইগাঁও মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত জিলাখনৰ মুঠ ৪২গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক একোখন ফুলাম গামোচা, এটিকৈ কলম আৰু অভিনন্দন-পত্ৰ প্ৰদান কৰা হয়৷ অনুষ্ঠানত নিৰ্দিষ্ট অভিথি হিচাপে উপস্থিত থাকে সদৌ অসম ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ সাংগঠনিক সম্পাদক তথা অধিবক্তা ৰামকিষাণ চৌহান। ভাষণ প্ৰসংগত তেওঁ অসমীয়া জাতি গঠনত ভোজপুৰীসকলে একেলগে আগবাঢ়ি যোৱাৰ সংকল্প গ্ৰহণ কৰে৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথে ছাত্ৰ-ছাত্ৰীসকলক এগৰাকী ভাল মানুহ হিচাপে গঢ় লবলৈ আহ্বান জনায়৷ ইয়াৰ উপৰি প্ৰাক্তন ছাত্ৰ নেতা, সাংবাদিক টংকেশ্বৰ বৰুৱা, প্ৰাক্তন ভলীবল খেলুৱৈ ইক্ৰামুল হুছেইন, প্ৰতিদিন টাইমৰ ওদালগুৰি জিলাৰ প্ৰতিনিধি মোচাদ্দিক হুছেইন আদি বিশিষ্ট ব্যক্তিয়ে সভাত ভাষণ প্ৰদান কৰে৷ ৰিজুল হকে আঁতধৰা অনুষ্ঠানখনি সঞ্চালনা কৰে সভাপতি কেদাৰনাথ গুপ্তাই৷

Comments