ug brahma meet#তামুলপুৰত_ইউ_পি_পি_এলৰ মত-বিনিময় অনুষ্ঠান

#তামুলপুৰত_ইউ_পি_পি_এলৰ মত-বিনিময় অনুষ্ঠান



#লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিত প্ৰমিলাৰাণী-নৱ শৰণীয়া দ্বিতীয় স্থানত থাকিব : ইউ জি ব্ৰহ্ম







#তামুলপুৰৰ পৰা #অভিজিৎ_তালুকদাৰ







আগন্তুক লোক সভা নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিত মোৰ বিজয় সুনিশ্চিত৷ লগতে বিপিএফ-বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাথী প্ৰমিলাৰাণী ব্ৰহ্ম আৰু বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়া দ্বিতীয় স্থানত থাকিব৷ তৃতীয় স্থানত থাকিব কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকী৷ এই ভাষ্য ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ইউ জি ব্ৰহ্মৰ৷ তামুলপুৰ মহকুমাৰ কলবাৰীত আজি আবেলি ৪ বজাত তামুলপুৰ জিলা ইউ পি পি এল দলৰ উদ্যোগত অনুষ্ঠিত এক মত বিনিময় অনুষ্ঠানত ব্ৰহ্মই এনেদৰে কয়৷ ভাষণ প্ৰসংগত তেওঁ কয় যে বৰ্তমানৰ সাংসদ নৱকুমাৰ শৰণীয়াৰ হাতত কোনো ধৰণৰ ইছ্যু নাই৷ বিগত লোকসভা নিৰ্বাচনত নৱ কুমাৰ শৰণীয়াই যিকেইটা প্ৰতিশ্ৰুতি দি ৰাইজৰ পৰা ভোট লৈ এগৰাকী সাংসদ হিচাপে নিৰ্বাচিত হৈছিল, বিগত পাঁচ বছৰে সাংসদগৰাকীয়ে এটাও প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ সমৰ্থ নহ'ল৷ ফলত সাংসদগৰাকীৰ হাতত সম্প্ৰতি কোনো ধৰণৰ নিৰ্বাচনী ইছ্যু নাই৷ বিটিচিৰ শাসকীয় বিপিএফ দলৰ হাততো কোনো নিৰ্বাচনী ইছ্যু নোহোৱাত বিপাঙত পৰা দেখা গৈছে দলটো৷ বিগত পোন্ধৰ বছৰে কেৱল দুৰ্নীতিৰ আশ্ৰয় লৈ শাসন চলাই ৰাইজে আশা কৰা ধৰণে বিটিএডিৰ কোনো উন্নয়নমূলক কাম কৰিবলৈ সক্ষম নহ'ল বিপিএফ দল৷ আনকি শিক্ষা-স্বাস্থ্য-যাতায়াতৰ উপৰি বড়োভূমিৰ প্ৰধান সমস্যা হিচাপে দেখা দিয়া বড়ো সমস্যা, উগ্ৰবাদৰ সমস্যা সমাধানৰ ক্ষেত্ৰত বিপিএফ দল সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলিও ব্ৰহ্মই মন্তব্য কৰে৷ সেয়ে সকলো জাতি-জনগোষ্ঠীক লগত লৈ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ মাজত ভাতৃত্ববোধ আৰু শান্তি স্থাপনৰ লগতে বিটিএডিৰ জ্বলন্ত সমস্যাসমূহৰ স্থায়ী সমাধানৰ লক্ষ্যৰে ইউ পি পি এল দলে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে৷ প্ৰসংক্ৰমে তেওঁ অকল ইউ পি পি এল দল হিচাপে নিৰ্বাচনী যুঁজত অবতীৰ্ণ হোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে নিখিল বড়ো ছাত্ৰ সন্থা, এন ডি এফ বি (প্ৰ), পিপ'লছ জইণ্ট একচন কমিটী ফৰ বড়োলেণ্ড ম'ভমেণ্ট, নাথ যোগী সন্মিলনী আদিকে ধৰি কে'বাটাও দল-সংগঠনে তেওঁলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে৷ ইউ পি পি এল দলৰ যুৱ শাখাৰ উপ-সভাপতি মনোজ গয়াৰীৰ সঞ্চালনাত অনুষ্ঠিত মত বিনিময় অনুষ্ঠানত ইউ পি পি এল দলৰ কেন্দ্ৰীয় উপ-সভাপতি হজৰত আলী, সমাজ কৰ্মী ৰাফেল দৈমাৰী, তামুলপুৰ জিলা ইউ পি পি এল দলৰ সভাপতি বিপুল বসুমতাৰী, সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাৰ্জাৰীসহ দলীৰ নেতা-কৰ্মীসকলৰ উপৰি

এবছুৰ নেতা ৰিঞ্জয় বড়ো প্ৰমুখ্যে তামুলপুৰ, কুমাৰীকাটা, নাগ্ৰীজুলিৰ বিষয়ববীয়া, কলবাৰী অঞ্চলৰ স্থানীয় ৰাইজ উপস্থিত থাকে৷

মোৰ লক্ষ্য, মই কঢ়িয়াবলৈ চেষ্টা কৰিম - প্ৰতি পল,প্ৰতি ক্ষণত ভাল খবৰৰ সুবাস বিলাবলৈ...
সত্যৰ সন্ধানত,আপোনাৰ কাষত...
www.asomkhobor.com
www.dainandinbartagroup.in
www.newsASN.com

Comments